@ ৰাতি সপোনৰ বাগিচাত সৰি পৰে জোনাক @
দুখৰ বিছনাত ৰাতি বাঢ়ি আহে
বাঢ়ি আহে দুখৰ কবিতা
সপোনতে এজাক বতাহে কোবাই যায়
ভাঁজ কেঁকুৰিটোত ঠেকা লাগে বতাহৰ বা
উৰি আহে বাঁকৰ গীত
বাঁহনিডৰাৰ পৰা
ৰৈ ৰৈ উচুপে দুখৰ জোনাক
ডুব যাওঁ ডুব যাওঁ
পানীমেটেকাৰ তলত
চেঁচা হৈ যাওঁ
স্মৃতিৰ বৰফত সাঁতুৰি
ৰাতি ৰাতি সপোন দেখোঁ
তোমাৰ ভাৱনাত অস্থিৰ হৈ চটফটাই সাৰে থাকে মোৰ দুখৰ কলিজা
ৰাতি সপোনৰ বাগিচাত সৰি পৰে জোনাক
সৰি পৰা জোনাকে উচুপি থাকে গোটেই ৰাতি
গোটেই ৰাতি অনিদ্ৰাৰ শেতেলিত ওপঙি ফুৰোঁ
---------------------------
@ বৰটোকোলা চৰাইৰ ডিঙিত ওলমি ফুৰে এটা দুখৰ অকবিতা @
উদাস এটা দুপৰীয়া পথাৰত পৰি থাকে আধামৰা সূর্য্য
আৰু বুকত বান্ধে
শালিকা চৰাইৰ গান
আকাশত উৰে চিলনী
আৰু থাপ মাৰি আনে সূর্য্যৰ এমুঠি পোহৰ
পেলাই দিয়ে বালিত
তাতে পোত যায়
আৰু হৈ উঠে এটা মাসাংস্থান গছ
তাৰে ছাঁত বহি থাকে
যাযাবৰ শামুক
আৰু ৰৈ ৰৈ দেখে নদীৰ ঢৌ
গোটেই দুপৰীয়াটোৰ সাক্ষী হৈ ফেঁকুৰি উঠে
বৰটোকোলা চৰাই
বৰটোকোলা চৰাইৰ ডিঙিত ওলমি ফুৰে এটা দুখৰ অকবিতা
---------------------------
@ তেজত ডুব গৈ থকা এটা ৰাতিৰ অকবিতা @
তেজত ডুব গৈ থকা এটা ৰাতিয়ে
ওঁঠৰ তলত বিজলুৱা তেজ ধাৰন কৰে
হাতত তেজ
ভৰিত তেজ
গোটেই শৰীৰত তেজ
বিষাক্ত কীটবোৰ সাৰ পাই উঠে
তথাপি আমাৰ প্ৰেমৰ পৰিধি বাঢ়ে
কেৱল ৰাতিত হে তিতিব পাৰি তেজৰ কুৰুৱাত
চুলিৰ পৰা জানৰ পানীৰ দৰে জিৰ্-জিৰকৈ
তেজ নিগৰে
---------------------------
@ মোৰ কি দোষ আছিল মনমোহন সিং ডাঙৰীয়া @
যি ভুল আছিল সেয়া মোৰ আব্বাৰ ভুল
মোৰ কি ভুল আছিল ভাৰতৰ প্ৰধান মন্ত্ৰী মনমোহন সিং ডাঙৰীয়া
যে মোক বি.এছ.এফ.-এ গুলিয়াইওলমাই থ'লে কাঁইটীয়া তাঁৰত
মই এজনী সৰু কিশোৰী
মই কি জানো ভাৰত- বাংলাদেশৰ শত্ৰুতা
মই কি জানো বঙাইগাঁও- বাংলাদেশ কিমান দূৰ
ধিক্ প্ৰশাসন
ইমান দিনে আপোনালোকে কি ঘোঁৰাৰ ঘাঁহ কাটি আছিল
কিয় গ্ৰেপ্তাৰ নকৰিলে মোৰ আব্বাক
যেতিয়া বঙাইগাঁওত তামোল-পানৰ দোকান দি জীৱন নির্বাহ কৰিছিল
ধিক্ ভাৰতৰ প্ৰশাসন
কেনেকৈ বাংলাদেশ এৰি আব্বাই ভৰি থ'বলৈ পালে আপোলোকৰ কটকটীয়া সুৰক্ষা থকা সীমান্ত অতিক্ৰম কৰি
সীমান্তৰ কাঁইটীয়া তাঁৰত মোৰ শ বর্বতাৰে ওলমাই থৈ আপোনালোকে কি ৰং পালে
কি পালে মহোদয় কি পালে
অ আ ক খ পঢ়াৰে পৰা মই অসমীয়া
অলৌ গুটি টলৌ গুটি খেলাৰে পৰা মই অসমীয়া নাছিলোঁ জানো
(বিঃদ্ৰঃ ৭ জনুৱাৰী ২০১১ তাৰিখে সীমান্তত মৃত্যুবৰণ কৰা কিশোৰী"ফালানী"ৰ উচুপনি আজিও ভাঁহি আহে সীমান্তৰ পৰা)
---------------------------
@ সৰু মানুহৰ এখন
সৰু হৃদয় থাকে @
ডাঙৰ মানুহৰ হৃদয় নাথাকে
সিহঁতে বিচাৰে যশস্যা আৰু সম্পত্তিৰউচ্চ পাহাৰ
তাৰ বাবে হৃদয়ক বন্ধকী থ'বলে'
বা বিক্ৰী কৰিবলে' কুণ্ঠাবোধ নকৰে
কিন্তু সৰু মানুহৰ এখন
সৰু হৃদয় থাকে
হৃদয়ৰ আঘাত সিহঁতে সহিব নোৱাৰে
সৰু মানুহে নিজ স্বার্থৰ বাবে
সিদ্ধান্ত সলনি নকৰে
বৰষুণত তিতি তিতি
এটা আদিম গীত সুঁৱৰে
---------------------------
@ নাও ডুবিলেও আৰু
টিঙৰ পৰা নানামো @
ভুলেই হওক বা
শুদ্ধেই হওক
প্ৰেম-অপ্ৰেমৰ
স্ৰোতস্বিনী নদীত
মেলি দিলোঁ দুখৰ নাও
তোমাৰ প্ৰেমহীনতাৰ জোঁৱাৰত ঠেকা লাগি
বাৰে বাৰে ডুবু ডুবু
মোৰ ভঙা নৌকা
মই মানুহজন অলপ বেলেগ
বাৰে বাৰে ভুল কৰি তোৰ প্ৰেমত পৰোঁ
প্ৰেমবোৰ সৰি যাবলৈ নিদিওঁ
মোৰ জেদ আৰু অভিমানৰ দিনবোৰ
মৰি যাবলৈ নিদিওঁ
মোৰ নিৰুদ্দেশযাত্ৰাৰ নাওখন মেলি দিলোঁ
নাও ডুবিলেও আৰু
টিঙৰ পৰা নানামো
---------------------------
@ যন্ত্ৰণা @
মোৰ কিবা এটা হৈছে
কিন্তু কাকো
খুলি ক'ব নোৱাৰোঁ
যি কথা কাকো
খুলি ক'ব নোৱাৰোঁ
সেইবোৰেই যন্ত্ৰণা
মই এতিয়া যন্ত্ৰণাত
জ্বলি পুৰি মৰিম
আকৌ পানশালাত
ৰৈ ৰৈ মদিৰা বাকিম !
---------------------------
@ নিজকে হেৰুৱাৰ সপোন এটা লৈ ফুৰোঁ @
সকলো হেৰুৱালোঁ
প্ৰেম-ভালপোৱা-সপোন
সকলো হেৰুৱাই আছোঁ
সেউজীয়া পথাৰ
সোণোৱালী ধান
কেৱল জীৱনটোৰ
বাহিৰে
সকলো হেৰুৱাই এখিলা
হালধীয়া সৰাপাত হ'লোঁ
এতিয়া আৰু একো পাবলৈ নিবিচাৰোঁ
এতিয়া নিজকে হেৰুৱাৰ সপোন এটা লৈ ফুৰোঁ !
---------------------------
@ সপোন @
সপোন দেখাটোও এটা কলা
জ্ঞানীলোকে কয়
এদিন ময়ো PCৰ সমুখত বহি ফেচবুক কৰিম
লৈ আহিম কবিতাৰ মেটমৰা বজা
হাতত লৈ ফুৰিম অত্যাধুনিক টেবলেট নাইবা দামী কম্পেনীৰ দামী ম'বাইল
এখন চাৰিচকীয়া গাড়ী চলাই গৈ
আপোনাৰ পদুলিত ৰম
আৰু হর্ণ বজাই মাতিম আপোনাক...
... প্ৰাক্তন প্ৰেয়সীৰ ঘৰৰ সন্মুখেয়েদি ধুলি উৰিয়াই গুচি যাম
চকুত ছানগ্লাচ
ওঁঠত এশটকীয়া চিগাৰেট
আৰু নৈশভোজত বন্ধুৰ সৈতে চিকেন তন্দুৰী, মটন বিৰিয়ানী আৰু ব্লাইণ্ডাৰ স্প্ৰাইট
দুমহলীয়া ঘৰৰ ভিতৰত ফ্লেটটিভি
অত্যাধুনিক ছাউণ্ড আৰু পিকচাৰ ক্ৱালিটি
লগতে ভিডিঅ'কোন
এইছ ডি
ভৰিত হাৱাই ছেণ্ডেলৰ ঠাইত দামী জোতা
হাতত সোণালী ঘড়ী
মুখৰ ভিতৰত শিখৰৰ সলনি চবাই থাকিম ৰজনীগন্ধা তুলসী
লংড্ৰাইভত কন্দর্পজিৎ কল্লোল
বুঢ়াপাহাৰৰ শিলবোৰেও ছালাম ঠুকিব
চিৰিয়াখানাৰ নিয়ন লাইটবোৰেও ৰৈ ৰৈ আঁদৰণি জনাব
বিগ ৯২.৭ এফ এম'ত চলিব এটা দীঘলিয়া সাক্ষাৎকাৰ
ৰৈ ৰৈ বাজিব মোই ভালপোৱা প্ৰিয় গান
জন্মদিনত ফোনকলৰ নৈ বব
পিএই ফোন উঠাই ক'ব "কল্লোল এতিয়া ব্যস্ত আছে, এঘন্টা পিছত ফোন কৰিব"
ম'বাইল, ফেচবুক আৰু ই-মেইলৰ ইনবক্স শুভেচ্ছাৰে ভৰি থাকিব
চকুপানীবোৰ ক'ত থাকিব
আৰু যিপথেৰে ধুলি উৰিয়াই যায় মোৰ প্ৰিয় সৰাপাতে
সেই পাতবোৰৰ উচুপনি
প্ৰতিদিনেই আমি সপোন দেখোঁ
হাতত বেট বল লৈ নামি যাওঁ ইডেন গার্ডেনৰ ফিল্ডত অথবা চিন্নাস্বামী ষ্টেডিয়ামত
গ্ৰন্থমেলাৰ বাকৰিত ৰৈ ৰৈবাদম খাওঁ
আৰু প্ৰিয় লেখিকাৰ স'তে এপলক জিৰাও
মই হাজাৰবাৰ ব্যর্থ হৈও সপোন দেখি যাম
সপোন দেখিবলৈ টকা পইচা নালাগে
নালাগে উচ্চ শিক্ষাৰ প্ৰমাণপত্ৰ
সপোনতে এদিন উৰি গৈ নদীত ডুব দিম
জলকুঁৱৰী পানী কিমান
তোমাৰ চকুলোৰ সমান
---------------------------
@ সাপটগ্ৰামলৈ আহিব........ @
সাপটগ্ৰামলৈ এবাৰ আহিব
চাই যাব সাপৰ দৰে
একা-বেঁকাকৈ চলা গাড়ী
ভগা দলং আৰু জৰাজীর্ণ পথ
একবিংশ শতিকাৰ বিপদসংকুল যাত্ৰা
দুর্ঘটনাত মৃত্যু হোৱা শবোৰৰ উচুপনি
গণতন্ত্ৰৰ ফটা ঢোলৰ কোব আৰু ক্ষুধাতুৰৰ বিননী
ধিক্ গণতন্ত্ৰ
ধিক্ গণতন্ত্ৰ
ধনী ব্যক্তিয়ে পায়
BPL Card
দুখীয়াই সপোনৰ দৰে
ৰৈ ৰৈ বাট চায়
সাপটগ্ৰামলৈ এবাৰ আহিব চাই যাব পাৰিব এই দুর্ভগীয়া অকবিৰ অতীতৰ গুণগণনি
প্ৰেম আৰু অপ্ৰেমৰ অন্তহীন কাহিনী !
---------------------------
ණ কন্দর্পজিৎ কল্লোল
No content for this blog yet.